Assamese Kobita 1: ভবা কথাৰ পদ্য /
———————————————————
তোমাক ভালপাম বুলি ভবা নাছিলো
ভাল পালো
তোমাক হেৰুৱাম বুলি ভবা নাছিলো
হেৰুৱালো
মোক ভালপাম বুলি ভাবিছিলা
ভালপালা
মোক এৰি যাম বুলি ভাবিলা
এৰি গলা
,, , , ,
আজি বাৰু মোৰ কথা ভাবিছানে!
মই ভাবিছো তোমাৰ কথা
মোৰ ভবা কথাই আজি বাট নোবোলে
কনা বিধিক লগ পাবলৈ
,, , , , ,
উৰুখা পঁজাত, চালে পানী কাটিছে
দেখিছানে নাই নাজানো
মই হলে দেখিছো মোৰ দুচকুৰে - ৷৷৷
- - ××× - -
Check out this article for -অসমীয়া দুখৰ কবিতা, অসমীয়া সৰু কবিতা, অসমীয়া দুখৰ বাণী, দুখৰ দিনৰ কবিতা, অসমীয়া দুখৰ কবিতা মা, অসমীয়া কবিতা pdf download, সুখ দুখৰ কবিতা, ভগ্ন হৃদয়ৰ কবিতা, আধুনিক অসমীয়া প্ৰেমৰ কবিতা, অসমীয়া প্ৰেমৰ কবিতা pdf, অসমীয়া কবিতা, ৰোমান্তিক প্ৰেমৰ কবিতা, জীৱনৰ কবিতা
Assamese Kobita 2: মোৰ আৰু পৃথিৱীৰ
——————————————————————
ঈশ্বৰ ঈশ্বৰ
ঈথাৰৰ দৰে শূন্য ঈশ্বৰ
মন্দিৰৰ ধূপৰ ধোঁৱাৰ আৰত তুমি থাকা
সেয়েহে তুমি ইমান অষ্পষ্ট
ভয়ৰ নাৱত পাৰি দি তুমি আহিলা
মানুহৰ বিশ্বাসৰ ঘাটলৈ,
মানুহে সাজি দিলে তোমাৰ বাবে
গী`জা মন্দিৰ মছজিদ
নিজে সিহত জুপুৰি ঘৰত থাকিও ৷
অসম্পূৰ্ণ কল্পনাৰ ধুকি পোৱা
সকলো ক্ষমতাৰ অমা`জিত অলংকাৰ
আঁৰি দি তোমাৰ গাত
তোমাক কৰিলে মহান
এয়ে তাৰ প্ৰতিদান?
তোমাক ডাঙৰ কৰোতে কৰোতে
নিজক কৰিলে সৰু
বিচাৰক তুমি
পোহাৰীৰ তুলাচনী ""'""'?
তোমাৰ নিজৰ সৃষ্টিক`তাৰ বিচাৰ তুমি কৰা !
হায় অবোধ মানুহ
আৰু মানুহৰ অবোধ ঈশ্বৰ ৷
তুমি মাথোন প্ৰিমিটিভ মানুহৰ
অনুব`ৰ কল্পনা
এটা জীৱন্ত কুসংস্কাৰ
মানুহৰ ব`বৰ দিনৰ এটা দুখ লগা সোঁৱৰণী
অথচ
তুমি নাই বুলিবৰো সাহস আমাৰ নহয় !
ইশ্বৰ ,
তুমি কি মাথোন এটা
বীজ গনিতৰ এক্স ??
————××××———————
জীৱন তই দু'বিসহ নহবি
মোৰ কাষতে থাকচোন বহি
সুখ দুখবোৰ ভগাই লবলে
নহলে মইযে বৰ অকলশৰীয়া!!!
Assamese Kobita 3: ক'লা টকা
বৰ্ণ বৈষম্য সকলোতে
মানুহৰ ...টকাৰ ...
হৃদয়ৰ আৰু প্ৰকৃতিৰ ..।
উচ্চাকাংক্ষাৰ সৰ্বোচ্চ শিখৰত
মন মগজু আক্ৰান্ত
অসীম হেঁপাহত ৷৷
বৰ্ণ বৈষম্য
মানুহৰ ক্ষেত্ৰতহে
সময়ে সময়ে
খৱৰে কাগজে
আৰু টকাৰ!
চিক্ চিকিয়া টকাৰ বান্দিলত
নাথাকে ছীল মোহৰ
তুমি কেনেকৈ জানিলা
এয়া ক'লা টকা এয়া বগা টকা
হয়তো সকলোবোৰেই ক'লা টকা
এটকাৰ পৰা হাজাৰ কোটিলৈ
যেতিয়ালৈকে আমাৰ অন্তৰবোৰৰ বগা নহয়
বৰফৰ দৰে শুভ্ৰ ৷৷
আমাৰ ক'লা অন্তৰবোৰৰ দৰেই
টকাৰ বান্দিলবোৰটো
অপদেৱতাই বাস কৰে
পুৰনী ধন - সোনৰ কলহৰ দৰেই
অদৃশ্য হাতোৰায় টকাৰ বান্দিলবোৰ
গ্ৰাস কৰে
পৈশাচিক উল্লাসেৰে নৃত্য কৰে
চাবা বন্ধু বৰশীৰে টকাৰ টোপ লৈ
ঘূৰি ফুৰিলে তোমাকো খেদি আহিব
দৈত্যবোৰে প্ৰকান্ড বৰালিমাছৰ দৰেই
মূখ মেলিব টকাৰ টোপ গিলিবলে ৷৷
Assamese Kobita 4: #মই_অসমীয়া 💐💐
দূৰ পশ্চিম এৰি,
এৰি থৈ স্বর্ণপুৰি ৰাজ অন্তঃপুৰ,
বিজয় সপােন দেখি আহিলোঁ যিদিনা
উজনি সােঁতত মেলি ভটীয়নি ভুৰ,
বিজয়ৰ তৃষা লৈ গৌৰৱৰ কৰি অভিমান,
লুইত পাৰত গালোঁ দৃপ্ত উচ্ছাসত
আপােনৰ বিজয়ৰ গান।
ভৰি দিলোঁ অসমৰ সেউজীয়া দূবৰি বনত সেইদিনা, যিদিনা অসম ৰাজ অসমৰ সিংহ আসনত
বতাহত উৰে অসমৰ পতাকা স্বাধীন,
প্রান্তে প্রান্তে বাজে মাথোঁ গৌৰৱৰ বিজয়ৰ
মুক্তগীত বিৰাম বিহীন।
সেইদিনা অসমত বিচাৰিলোঁ আপােনৰ বল
মােগলৰ বিজয় শকতি
দেখুৱাম অসমক বিশ্বজয়ী মােগলৰ অনিৰুদ্ধ গতি,
অসম মজিয়াত মােছলেমৰ মুক্তৰাজ কৰিম থাপনা,
অসম আমাৰ হ’ব, কামৰূপ হ’ব মােগলৰ
কায়মনে কৰিলোঁ কামনা।
যিদিনা নামিলোঁ আহি অসমৰ সমৰ থলীত,
মিনা কৰা বনৰ বুকুত,
অসমৰ হেংদান জিলিকিল দুপৰৰ পূর্ণ আলােকত,
পুৰুষ-তিৰােতা আহি স্বদেশৰ স্বাধীনতা হেতু
থিয় দিলে ৰণ-প্রাংগণত,
ৰণচণ্ডী মূৰ্ত্তি ধৰি স্বাধীন পুৰুষ-নাৰী
বুকু পাতি নামিল ৰণত।
ক'তনাে লুকাল বল ৰাজপুত জয়ী মােগলৰ সবল বাহুৰ
অসমৰ সমৰথলীত,
ক'ৰ অত পালে বল অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত!!
বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান
বিজয়ৰ গৌৰৱ আৰতি!
মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশপ্রাণ, মুক্তপ্রাণ অসমৰ স্বদেশ ভকতি পৰাজিত মােগলৰ সেইদিনা পৰিল চকুত
অসমৰ বিনন্দীয়া ৰূপ;
ভক্তি, প্রেম, সৌন্দৰ্য্যৰ খনি,
কাণত পৰিল আহি মুক্ত প্রাণ অসমৰ
উচ্ছসিত সংগীতৰ সুমধুৰ ধ্বনি।
মােগলে উভতি চালে—
এয়েই অসম, চৌদিশে ধূসৰ পাহাৰ,
প্রতিটো বনৰ পাত জাংফাই, মিনাকৰা, ৰূপ জাতিষ্কাৰ।
দূবৰিৰ পাতে পাতে মুকুতাৰ থােপা, গচকত ভাগে মৰকত,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,
ভৰি ধােৱে পোৱালৰ ভৰা দলঙত।
বাঘ নখ পিন্ধে খাৰু, ভৰিৰ আঙঠি, ম'হ শিং
পেঁপাটি বজায়,
হাঁহকণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়।
নদীৰ বালিত ভৰা সােণ চেকুৰীয়া
গুড়ি হয় গচকত ভাগি,
পুঠিয়ে কাণত পিন্ধে সােণৰ থুৰীয়া
ভেকুলীয়ে ফোট লৈ সজায় সুৱাগী।
নিষ্কর্মা ঢোদৰ দলে বান্ধে ৰাজ আলি
বাৰতী 'সাগৰ’ খানি ৰচে বননিত
ৰংঘৰ, কাৰেংঘৰ দীপ্ত স্বর্গপুৰী।
সােণৰ অসম ই যে, হীৰা মণি মৰকত ধূলিত বাগৰে,
মাটিৰ চৰুত জুখি সােণচৰু, ৰূপচৰু দিয়ে ঘৰে ঘৰে।
মুখৰ মাতত সৰে মৰমৰ মউ
গীত শুনি শিল পমি যায়,
এয়েই অসম দেশ জগতত আৰু
এনুৱা অসম দেশ, এনুৱা ৰূপেৰে
নাই কতাে নাই।
মােহগ’ল দূৰণিৰ বিদেশী মােগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,
অসমত বন্দী হ’ল অসমৰ ৰূপমুগ্ধ
দূৰৰ মােগল আহি হ'ল অসমীয়া
আহােম আমাৰ ৰজা সেই দিন ধৰি
মােৰ দেশ এই কামৰূপ
অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁ
জ্বলি ইয়াতে শেষ হ’ব জীৱনৰ ধূপ।...
তোমাক মই ভাল পাব নোৱাৰো
ঠিকনা হেৰোৱা নিশাটোৰ দৰেই হেৰুৱাই পেলাইছিলো তোমাক ।
পুনঃ বক্ষবেষ্টনি খুলি অতীত সোঁৱৰণ নকৰিবা প্ৰিয়ে
বিষাদে প্ৰাণ পাই উঠিব মোৰ উৰুখা পজাত ।
য’ত চানি ধৰিব কৃত্রিমতাৰ সভ্যতাই !
জৰাজীৰ্ণ বন্ধুত্ব (?)
কালত চিৰন্তন নগ্ন প্ৰেমৰ হুমুনিয়াহ!
ভোক আৰু তৃষ্ণাতুৰ মোৰ হৃদয়খনো
ফালি চিৰি গৈছিল ।
কৰাল বান্ধিছিল মোৰ ভালপোৱাৰ শব্দবোৰ ।
কিন্তু তুমিতো সৰাপাতৰ সুবাস বিচাৰিবলৈ শিকিছিলা …
হয়তো নকৈ
নিতৌ ন ন সপোন দেখিবলৈ শিকিছিলা
কিন্তু সেই সময়ত তুমি ৰুক্ষ হৈ পৰা নাছিলা ! (?)
হেৰুওৱা নাছিলা জীৱনৰ স্বাভাৱিক ছন্দ ! (?)
মোৰ খোজত খোজ মিলাবলৈ …
মইও
সুখ দুখৰ মাজতেই পাৰ কৰিছিলো অশ্লীল ৰাতিবোৰ ।
বিষাদৰ বৰষুণত সদায়েই তিতিছিলো নিষিদ্ধ ৰাতিৰ শেষ প্ৰহৰলৈকে …
ধাতৱ স্পীকাৰত ঢৌ খেলি খেলি অহা হুমুনিয়াহ বোৰ মোৰ নিয়মীয়া আলহী হৈছিল ॥
তৰাৰে বুটা বচা আকাশৰ দলিচা ঘনঘোৰ নিদ্ৰাত মগ্ন হৈছিল , তাহানিতে …….
অ , সৌ তাহানিতে ..
SEARCHES:
- অসমীয়া দুখৰ কবিতা
- অসমীয়া সৰু কবিতা
- অসমীয়া দুখৰ বাণী
- দুখৰ দিনৰ কবিতা
- অসমীয়া দুখৰ কবিতা মা
- অসমীয়া কবিতা pdf download
- সুখ দুখৰ কবিতা
- ভগ্ন হৃদয়ৰ কবিতা
- আধুনিক অসমীয়া প্ৰেমৰ কবিতা
- অসমীয়া প্ৰেমৰ কবিতা pdf
- অসমীয়া কবিতা
- ৰোমান্তিক প্ৰেমৰ কবিতা
- জীৱনৰ কবিতা
No comments:
Post a Comment