Assamese Quotes, Status, Poem Etc 2024

This blogs brings you the following: অসমীয়া whats app status, assamese wishes, assamese shayari photo download, assamese shayari photo, assamese love shayari, love shayari assamese photo,assamese sad shayari image

Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

Assamese Poem On Mother - Assamese Kobita

Assamese Poem On Mother - Assamese Kobita

If you're looking for some good assamese poem on mother, then you are on the right place. Here is the Assamese kobita and assamese poem on mother.


Assamese Poem On Mother - Assamese Kobita

Assamese Poem On Mother


Assamese Maa Poem 

মাথোঁ এটি শব্দৰ মাজতেই অন্তৰ্নিহিত

এক গভীৰ বদান্যতা।।

হৃদয়তে জ্বলি থকা উত্তপ্ত অগ্নিশিখাই

যাৰ দুহাতৰ স্পৰ্শতে মৃত্যু শয্যাত নিথৰ হৈ পৰে,,

শত সহস্ৰ পীড়াই যাৰ চোকা দৃষ্টিত

হেৰাই দিয়ে নিজৰ কক্ষপথ,,

সিয়েই হ'ল "মা"।।

"মা" মাথোঁ মায়েই নহয়....

"মা" মানে এক সৰ্ব ভাষিক অভিধান,,

"মা" মানে এক ব্যতিক্ৰমী গুগ'ল,,

যাৰ আগত শব্দ টাইপ কৰাৰ প্ৰয়োজন নপৰে।।

"মা" মানে‌ নিৰপেক্ষতাৰ এক মহান সংবিধান,,

মান্যতাৰ উচ্চ পৰ্যায়ৰ এক আদালত হ'ল "মা"।।

"মা" মানে এক বিশ্ববিদ্যালয়,,

"মা" হ'ল শিক্ষকৰ আদি শিক্ষক,,

"মা" মানে বিশ্বৰ সৰ্বোচ্চ চিকিৎসালয়,,

"মা" মানে শ্ৰেষ্ঠত্বৰ শ্ৰেষ্ঠ বিজ্ঞ চিকিৎসক।।

"মা" মানে গণি শেষ কৰিব নোৱাৰা 

সীমাহীন গুণৰ অধিকাৰীনি।।


Assamese Poem ******মা তুমি অনন্যা******

সকলো ক্ষেত্ৰতে শিতান কৰোঁ,

সকলো বিপদতে খামুচি ধৰোঁ।

অলপ দুখতে চোন উচুপি উঠোঁ,

তোমাৰ পৰশতে পাৰ পাই উঠোঁ।

সৰু-সৰু কথাতে ফেঁচ পাতি থাকো,

তোমাৰ মাততে সৱ্ পাঁহৰিয়েই যাওঁ।

তোমাৰ কি যে মায়া—

মা তুমি অনন্যা ।।

জনমে - জনমে তোমাক পোৱাৰ হেঁপাহ,

জীৱনে - মৰনে যেন কাষতে থাকা !

কেৱে তুল্য নহৈ তোমাৰ লগত,

তোমাক দেখা পাওঁ ঈশ্বৰৰ ৰূপত ।

জগত জননী মোৰ জনমদাত্ৰী,

মৰম - স্নেহৰে লোৱা বুকুত সাৱতি ।

সঁচাই কি যে তোমাৰ মায়া— 

মা তুমি অনন্যা ।।

মোৰ তেজত তুমি, মোৰ শিৰত তুমি,

মোৰ উশাহত তুমি, মোৰ হৃদয়ত তুমি,

মোৰ নিৰল মন'টো মাথোঁ তুমিয়েই মা ।

তোমাৰ কোলাত জিৰণি লৈ,

তোমাৰ হাতত হাত থৈ,

সমষ্ট আশা পাঁহৰাৰ হেঁপাহ !

সঁচাই কি যে তোমাৰ মায়া—

মা তুমি অনন্যা ।।



3rd Assamese Poem on Maa

#মা আমাৰ চিৰকাল*

হে চিৰস্মৰণীয় মা

সৰ্বশক্তিমান পৰমেশ্বৰ কৃপাৰ বাবে

দহমাহ গৰ্ভত ধাৰণ কৰি মোক

এদিন পৱিত্ৰ শক্তিত ৰূপান্তৰ কৰিলা।

তোমাৰ দয়াই তোমাৰ সন্তানৰ বল

তোমাৰ ভালৰো ভালখিনি

মানুহৰ দৰে মানুহৰ সৈতে 

তুমি নিতৌ ভগাই দিয়া।

তুমি সদায় দিয়েই আহিছা

ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি 

দিয়েই আছা।

ভবিষ্যতলৈও যেন দিয়েই থাকিবা।

মোৰ মা

তুমি তোমাৰ সন্তানৰ দুখ বুজিলা

তোমাৰ মৰমী হাত দুখনে মোৰ যতমানে দুখ

আলফুলে আতৰাই দিলে।

হে মোৰ মাতৃ

মোৰ আত্মাৰ গৰাকিনী

মহান প্ৰলয় সমৰ দিনাখন

আমি আকৌ লগালগি হ'ম।।


Assamese Poem - 05

##মা##

সৃষ্টিশীল পৃথিৱীৰ 

               তুমিয়েই সৃষ্টিকর্তা মা,

তুমিয়েই এই পৃথিৱীৰ

                 সৰ্বশ্ৰেষ্ঠ নাৰী,

তুমি বিনে জগত অসাৰ..

তুমি বিনে জীৱন ও আন্ধাৰ...

তোমাৰ কোলাতেই পাওঁ মা,

সুখৰ অমিয়া সন্ধান।



Assamese Poem - "মোৰ_জীৱনৰ_একচত্ৰী"

সম্ৰাজ্ঞী তুমি,

ফাগুনে হৰুৱাব নোৱাৰা,

এখিলা শুকান পাত।

#তোমাৰ কোলাতে আৰম্ভ

জীৱনৰ আদি পাঠ,

তোমাৰ এষাৰি মাততেই

দেহা পৰি ৰয় শাত।

#তুমি যেন চন্দ্ৰমাৰ,

প্ৰশান্ত পহৰ,

তুমি যেন লুইতৰ

অশান্ত লহৰ।

#তোমাৰ চেকনীত পাইছিলোঁ,

জীৱন যুজঁৰ মন্ত্ৰ,

তোমাৰ এটি হাঁহিয়েই যেন,

ৰনাঙ্গনৰ অস্ত্ৰ।

#তুমি বটবৃক্ষ হোৱা

মই হম লতিকা,

তুমি উন্মুক্ত আকাশ

মই যেন মুক্ত বিহঙ্গী।

#প্ৰতি মূহুৰ্ততে পালন কৰিছা

নিজৰ কৰ্তব্য,

যুগমীয়া  হওক 

তোমাৰ ব্যক্তিত্ব।


##মা তোমাৰেই অপেক্ষাত###

আবৰ্জনাৰ বিশাল উপত্যকাত 

নিয়ৰৰ বৰষুনত তিতি 

পূৰ্ণিমাৰ উজ্বল জোনটিলৈ চাই 

মই হেঁপাহেৰে ৰৈ আছো 

মা তোমাৰেই অপেক্ষাত ৷

মই জানো মা তুমি আহিবা

মাতৃত্বৰ মমতাৰে জীপাল হোৱা 

তোমাৰ হৃদয়ৰ মৰম সানিবলৈ ৷

কিন্ত,

তুমিযে নাহিলা , নিশাৰ গভীৰতাত 

নিয়ৰৰ বৰষুনত তিতি 

চেচাঁ হবলৈ ধৰা মোৰ কোমল 

হৃদয়ৰ  শেষ স্পন্দন শুনিবলৈ ৷

কিয়নো আহিবা, মোৰ উপস্হিতিয়ে যে, 

তোমাৰ নামৰ আগত সানি দিব 

বিষাদৰ এক শব্দ "কলংকিতা" ৷

হব দিয়া মা, তোমাক কলংকিতা কৰি 

মই জীয়াই থাকিবও নোখোজোঁ, 

শুনিব নিবিচাৰো  , 

তোমাৰ কলংকিতা অধ্যায় ৷

সেয়ে আঁতৰি যাম বহু দূৰলৈ 

কোনো অজান মুলুকলৈ,

য'ত নাথাকিব তোমাৰ  

কলংকিতা অধ্যায়ৰ কৰুনগাঁথা ৷

নাথাকিব তোমাৰ নামৰ আগত 

কলংকিতা হোৱাৰ কোনো ছায়া,  

তাতেই মই অবুজ হৃদয়ৰ 

আৱেগ বুটলি ৰৈ থাকিম 

মা তোমাৰেই অপেক্ষাত ৷

No comments:

Post a Comment

Bottom Ad [Post Page]